জম্মু-কাশ্মীৰৰ চূড়ান্ত আৰু তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰে গতি লাভ কৰিছে। ১ অক্টোবৰত ৪০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। আকাশবাণী জম্মু সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ভোটাৰক আকৰ্ষণ কৰিবলৈ সমদল, আলাপ অনুষ্ঠান, ৰোডশ্ব’ৰ আয়োজন কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী বিধানসভাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত অংশ লবলৈ কাইলৈ জম্মুত উপস্থিত হ’ব। তেওঁ মৌলানা আজাদ ষ্টেডিয়ামত ৰাজহুৱা সভাত ভাষণ দিব। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি ৰামগড়ৰ ডুনেচক অঞ্চল আৰু ছাম্ব ছেক্টৰৰ খোৰ অঞ্চলত দুখন সভাত ভাষণ দিব, আনহাতে কাইলৈ দলীয় নেত্রী প্রিয়ংকা গান্ধীয়েও সভাত ভাষণ দিব। জম্মু কাশ্মীৰৰ চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচন সকলো ৰাজনৈতিক দলৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো এই পৰ্যায়ত জম্মুৰ ২৪টা বিধানসভা আৰু কাশ্মীৰ সংমণ্ডলৰ ১৬টা বিধানসভা সমষ্টি এই নির্বাচনে সামৰি লৈছে।
Site Admin | September 27, 2024 6:55 PM | J & K Election
জম্মু-কাশ্মীৰত ১ অক্টোবৰত ৪০টা বিধানসভা সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ
