জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ পাড্ডাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি পাইছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই দুৰ্ঘটনাত ১০০ জনৰো অধিক লোক আহত হৈছে। অঞ্চলটোত বহুসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। অঞ্চলটোত মাটি আৰু ধ্বংসস্তূপৰ মাজত বন্দী হৈ ৰোৱা বহু সংখ্যক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী, সেনা, স্থানীয় স্বেচ্ছাসেৱক আৰু জিলা প্ৰশাসনে উদ্ধাৰ অভিযান চলাই আছে। ডাৱৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত বার্ষিক মাছাইল মাতা যাত্রা বাতিল কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত ছশ্বতী গাঁৱৰ ভালেসংখ্যক বাসগৃহ, ছটা চৰকাৰী ভৱন, তিনিটা মন্দিৰ, চাৰিটা ৱাটাৰ মিল, দুটা পশু গৃহ আৰু ৩০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং উটি যায়। আকস্মিক বানত ভালেসংখ্যক বাহন ধ্বংস হোৱা উপৰি বহু বৈদ্যুতিক খুঁটা উভালি পৰাত মাছাইল আৰু ছশ্বতীৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱৰ বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ সৈতে পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। কৰ্তৃপক্ষই বৰ্তমানলৈকে উদ্ধাৰ কৰা ৩০টা মৃতদেহ চিনাক্ত কৰিছে। বৰ্তমানলৈকে ১৬০ জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে ৩৮ জনৰ অৱস্থা সংকটজনক বুলি কৰ্তৃপক্ষই জনাইছে।
Site Admin | August 16, 2025 11:20 AM | J&K Cloud Blast
জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি