ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু ৩ জন লোক আক্ৰান্ত

জম্মু আৰু কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাঢ়ালগাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু তিনিজন লোক আক্ৰান্ত হোৱাৰ বাতৰি আহিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে কালি এজন ২৫ বছৰীয়া যুৱকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা পোৱাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছত গাঁওখনত আৰু দুজন লোকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা দিয়াত তেওঁলোকক জম্মুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ৰজৌৰী জিলা প্ৰশাসনে বাঢাল অঞ্চলটোক ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰি গাঁওখনত সকলো ধৰণৰ জনসমাগম নিষিদ্ধ কৰিছে। বিগত প্ৰায় দুমাহত ১৭জন লোক ৰহস্যজনকভাৱে মৃত্যুমুখত পৰাৰ পাছত ৰজৌৰীৰ জিলা দণ্ডাধীশে বাঢাল অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে আৰু এনে ৰহস্যজনক ৰোগৰ লক্ষণ ধৰা পৰা মাত্ৰকে ৰোগীক জম্মু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ততালিকে লৈ যোৱাৰ নিৰ্দেশ দিছে। প্ৰৱেশ নিষিদ্ধ অঞ্চলটোত জনসাধাৰণৰ বাবে জিলা প্রশাসনে বিনামূলীয়া খাদ্য যোগানৰো ব্যৱস্থা কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।