জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বীবেদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয়, যে চলিত বছৰটোত বৰ্তমানলৈ প্ৰতিৰক্ষা বাহিনীৰ হাতত প্ৰায় ৩১ জন সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰে ৬১ শতাংশই আছিল পাকিস্তানী সন্ত্রাসবাদী সম্প্ৰতি ৰাজ্যখনত শিলগুটি দলিওৱা আৰু বিক্ষোভ প্ৰদৰ্শন তথা শ্ল’গান দিয়াৰ দৰে ঘটনা সংঘটিত নোহোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে সন্ত্ৰাসবাদীৰ যিকোনোধৰণৰ ভাবুকি প্ৰতিহত কৰিব পৰাকৈ ভাৰতবৰ্ষ প্ৰস্তুত হৈ আছে। সন্ত্রাসবাদক উদগনি যোগোৱা আৰু পৃষ্ঠপোষকতা কৰা পক্ষসমূহক উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

অপাৰেচন সিন্দূৰক ৮৮ ঘণ্টা সময়ৰ ভিতৰতে সমাপ্ত হোৱা এখন ট্ৰেইলৰ বুলি অভিহিত কৰি সেনাপ্রধানগৰাকীয়ে কয়, যে ভৱিষ্যতে উদ্ভৱ হ’ব পৰা যিকোনোধৰণৰ পৰিস্থিতিৰ বাবে ভাৰতবৰ্ষ প্ৰস্তুত হৈ আছে। পাকিস্তানে কোনোধৰণৰ অসাধু কাৰ্যকলাপ সংঘটিত কৰিলে ভাৰতৰ সৈতে কেনেদৰে দায়িত্বশীল আচৰণ কৰিব লাগে সেইকথা দেশৰ সশস্ত্র বাহিনীসমূহে চুবুৰীয়া দেশখনক ভালদৰে শিকাই দিব বুলিও তেওঁ মত প্ৰকাশ কৰে।