■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত কৃতজ্ঞ অসমবাসীয়ে আজি সুধাকণ্ঠক সোঁৱৰণ কৰিছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত ড° ভূপেন হাজৰিকাৰ গীতসমূহ যথাৰ্থতে সমাজৰ নিপীড়িতসকলৰ আশা-আকাংশা আৰু সাধাৰণৰ মানুহৰ সপোনৰ বাহক আছিল বুলি উল্লেখ কৰে। মানৱীয় প্ৰমূল্যৰে মহা অনুষ্ঠান সদৃশ ব্যক্তিত্বৰে ভূপেন হাজৰিকাই তেখেতৰ কৰ্মৰাজীৰ জৰিয়তে অসম ভূমিক বিশ্বৰ বুকুলৈ কঢ়িয়াই নিয়াৰ উপৰি নতুন পৰিচয়ো গঢ়ি তুলিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অহা ১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদন কৰিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে শ্রীমোদীয়ে শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা জনাই ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা এটা বিশেষ মুদ্ৰা উন্মোচন কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি বৰেণ্য শিল্পীগৰাকীৰ জীৱন সম্বলিত এখন গ্রন্থও প্রধানমন্ত্রীয়ে উন্মোচন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি অৰুণাচল প্ৰদেশ, মেঘালয়, মুম্বাই আৰু নতুন দিল্লীত ৰাজ্য চৰকাৰে অনুষ্ঠানৰ আয়োজন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩খন জিলা সাহিত্য সভা আৰু এহেজাৰখন শাখা সাহিত্য সভাৰ জৰিয়তে আজিৰেপৰা ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ উপৰি দেশে-বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
তিনিচুকীয়া জিলাৰ গুইজানত আজি ড° ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিস্তীৰ্ণ পাৰৰে শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰত নৌকা যাত্ৰাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আজি থানা চাৰিআলিত সুধাকণ্ঠ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।
শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে আজি মানুহে মানুহৰ বাবে শীৰ্ষ বাণী সাৰোগত কৰি ডিব্ৰুগড়ত ২০ গৰাকী ফিজিঅ’ থেৰাপিষ্টে অসম চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান কৰে। ইপিনে শিৱসাগৰ জিলা আয়ুক্তই আজি শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আনুষ্ঠানিকভাৱে অনুভাস যন্ত্ৰ উদ্বোধন কৰা হয়। ইয়াৰ জৰিয়তে প্ৰাতঃস্মৰণীয় শিল্পীগৰাকীৰ গীতসমূহ প্ৰচাৰ কৰা হ’ব। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা সাংস্কৃতিক বিভাগৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মন্ত্রী প্রশান্ত ফুকনে অংশগ্রহণ কৰে। হোজাই জিলা ছাত্র সন্থাইও আজি কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰে। ডিফু সাহিত্য সভাৰ উদ্যোগত আজি ৰাংচিনা ভৱনত এই কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ দিখৌপৰীয়া শিল্পী সমাজ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত আজিৰ দিনটো গানৰ দিন হিচাপে উদযাপন কৰে।
নগাঁও জিলাতো আজি শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে কলঙৰ বাকৰি নেহৰুবালিত ৬ হাজাৰৰো অধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীয়ে সমস্বৰে মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰে।
তেজপুৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক গীতেৰে মানৱ শৃংখল আৰু শতাব্দীৰ সুবাস শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷