জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰি আছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে দেশৰ জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে তেওঁৰ চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰি আছে। বেংগালুৰুত আজি নাম্মা মেট্ৰৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰি শ্ৰী মোদীয়ে সংস্কাৰ প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ জৰিয়তে ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। ২০১৪ চনৰ পূৰ্বে ভাৰতবৰ্ষ ১০ খন অনুন্নত দেশৰ তালিকাত থকাৰ সময়তে এই যাত্ৰাৰ আৰম্ভ হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ভাৰত বৰ্তমান বিশ্বৰ পঞ্চম তথা দ্রুততম অর্থনীতিক হিচাপে বিবেচিত হৈছে আৰু মেট্ৰ ৰেল সেৱা পূৰ্বৰ পাঁচখন চহৰৰ পৰা বৰ্তমান ২৪ খন চহৰলৈ সম্প্ৰসাৰিত হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত ২২,৮০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও মেট্ৰ প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ বেংগালুৰু আৰু বেলাগাভিৰ মাজৰ বন্দে ভাৰত ৰেল সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ ভার্চুৱেল ব্যৱস্থাৰে অমৃতসৰৰ পৰা কাটৰা আৰু নাগপুৰৰ পৰা পুনেলৈ বন্দে ভাৰত ৰেল সেৱাৰো শুভৰম্ভ কৰে। সিন্দূৰ অভিযানৰ পাছত এয়া তেওঁৰ প্ৰথম বেংগালুৰু যাত্ৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে, এই অভিযানত ভাৰতীয় বাহিনীসমূহৰ সাফল্য সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয়, যে সমগ্র বিশ্বই বর্তমান ভাৰতৰ এই নতুন ৰূপ প্ৰত্যক্ষ কৰিছে। সিন্দূৰ অভিযানৰ সাফল্যৰ বাবে তেওঁ দেশৰ প্ৰযুক্তি, ক্ষমতা আৰু প্ৰতিৰক্ষা খণ্ডত মেক ইন ইণ্ডিয়াৰ শক্তি সন্দৰ্ভতো আলোকপাত কৰে। কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই বন্দেভাৰত এক্সপ্ৰেছ ৰেল সেৱাৰ বাবে প্রধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ কয়, যে এই ৰেল সেৱাই শ্ৰী বৈষ্ণৱ দেৱী মন্দিৰলৈ ভক্তসকলৰ যাত্রা সূচল কৰাৰ লগতে স্থানীয় অৰ্থনীতিৰ বিকাশত যথেষ্ট অৰিহণা যোগাব। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ আন্তঃগাঁথনি, বিশেষকৈ ৰেল খণ্ডত অভূতপূৰ্ব বিকাশ পৰিলক্ষিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।