ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2025 7:21 PM | GST Reduce

printer

জনসাধাৰণৰ কৰৰ বোজা লাঘব কৰাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত ঐতিহাসিক লাল কিল্লাৰ প্ৰাচীৰৰ পৰা পোহৰৰ উৎসৱ দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল। তেওঁৰ এই দৃষ্টিভংগী বাস্তৱায়িত কৰি ৩ ছেপ্তেম্বৰত জি এছ টি পৰিষদে জনসাধাৰণৰ জীৱন সুগম কৰি তোলাৰ উদ্দেশ্যে ভালেমান খণ্ডত আৰোপিত কৰ হ্ৰাস কৰিছিল আৰু একাংশ খণ্ডৰ কৰৰ বিলুপ্তি সাধন কৰিছিল।
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা সামগ্ৰী আৰু সেৱা কৰ বিলুপ্ত কৰি জনসাধাৰণৰ কৰৰ বোজা লাঘব কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই নতুন ব্যৱস্থাৰ অধীনত ফলমূল, শাকপাচলি, বাদাম আৰু ফলৰ ৰসকে ধৰি উপভোক্তা সামগ্ৰীৰ জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নিমকী, ভূজিয়াৰ দৰে মুখৰোচক সামগ্ৰীৰ জি এছ টিও ১২ ৰপৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। একেদৰে কেণ্ডী, টফী, জেলীৰ দৰে চেনি মিহলি সামগ্ৰীসমূহৰ জি এছ টি ১৮ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ।