ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 28, 2025 8:36 PM | Mann Ki Baat

printer

জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰ সমাগত উৎসৱৰ বতৰ উদযাপন কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড০ ভূপেন হাজৰিকাৰ গীতত বিশ্বব্যাপী ঐক্য প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২৬ সংখ্যক খণ্ডত আজি প্রধানমন্ত্রী মোদীয়ে সুধাকণ্ঠলৈ গভীৰ শ্রদ্ধা নিবেদন কৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ অসমত আয়োজিত যুগজয়ী মহান শিল্পীগৰাকীৰ জন্মশতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰে। তেওঁ ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীতটো সিংহলী আৰু তামিল ভাষাত অনুবাদৰ কথা উল্লেখ কৰি কিদৰে ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে বিশ্বৰ বেলেগ বেলেগ দেশ একত্ৰিত হৈছে সেই বিষয়ত আলোকপাত
কৰে। প্রধানমন্ত্রী মোদীয়ে আজিৰ মন কি বাতত অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগতো গভীৰ শোক প্ৰকাশ কৰে। নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা জুবিন গাৰ্গৰ অসমৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে শিল্পীগৰাকীৰ সংগীতে পৰৱৰ্তী প্ৰজন্মসমূহক সদায়েই আচ্ছন্ন কৰি ৰাখিব। শ্ৰী মোদীয়ে দেশৰ জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰু ভোকেল ফ’ৰ লোকেল নীতিক মন্ত্র হিচাপে গ্ৰহণ কৰি সমাগত উৎসৱৰ বতৰ উদযাপন কৰিবলৈ আহ্বান জনায়। দেশত উৎপাদিত সামগ্রী ক্ৰয় কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’বলৈ সকলোকে আহ্বান জনাই তেওঁ কয়, যে এই কাৰ্যই একোটা পৰিয়াললৈ আশাৰ সঞ্চাৰ কৰাৰ লগতে এনে সামগ্রী উৎপাদনৰ সৈতে জড়িত শিল্পী-কাৰিকৰসকলৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাব আৰু যুৱ উদ্যমীসকলক ডেউকা মেলি দিয়াৰ সুযোগ প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।