ডাউনলোড
মোবাইল এপ

android apple
signal

September 20, 2025 1:13 PM | BTC election

printer

জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্ৰভাৱ

অসমবাসীৰ হিয়াৰ আমঠু, জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানতো প্ৰভাৱ পেলাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত কালি বিয়লিৰ পৰা হঠাৎ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান স্তব্ধ হৈ পৰে। জুবিনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পাছতে বিজেপি আৰু কংগ্ৰেছে বাকী থকা নিৰ্বাচনী প্ৰচাৰ বাতিল কৰাৰ কথা ঘোষণা কৰে।
অৱশ্যে কালি আগবেলা বিজেপি, কংগ্ৰেছ, ইউ পি পি এল আৰু বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন স্থানত শেষ পৰ্যায়ৰ প্ৰচাৰ অভিযানত ভাগ লয়। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কোকৰাঝাৰৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কবিতা বসুমতাৰী আৰু চিৰাং জিলাৰ সুভাইজাৰ পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী প্রভাত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ মথনগুৰি আৰু শালবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় । বাক্সা জিলাৰ ককলাবাৰীত কালি ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱেও দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত ভাগ লয়। তেওঁ জিলাখনৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী মন্টু বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
চিৰাং জিলাৰ কাজলগাওঁ পৰিষদীয় সমষ্টিৰ হাশ্রাওবাৰীত তৃণমূল কংগ্ৰেছৰ এখন নির্বাচনী প্ৰচাৰ সভাত অকালতে মৃত্যু ঘটা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷