ডাউনলোড
মোবাইল এপ

android apple
signal

September 20, 2025 1:09 PM | Jubin Garg Fan

printer

জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিয়োগl ৰাজ্যৰ চুকে কোণে শোকৰ লহৰ

জনপ্রিয় কণ্ঠশিল্পী, বাদ্যশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, চলচিত্ৰ পৰিচালক, চিত্র নাট্যকাৰ জুবিন গাৰ্গৰ কালি বিয়োগৰ বাতৰিয়ে ৰাজ্যৰ চুকে কোণে শোকৰ লহৰ তুলিছে। যোৰহাটত শিল্পীগৰাকীৰ মৃত্যুত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। জিলাখনৰ বৰুৱা চাৰিআলিৰ মিলেনিয়াম পাৰ্কত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন কৰা হয়। যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় চৌহদত শিল্পীগৰাকীৰ স্মৃতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যথেষ্ট ভিৰ পৰিলক্ষিত হয়। ডিব্ৰুগড়তো জুবিন গাৰ্গৰ মৃত্যুত গুণমুগ্ধসকলে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
জুবিন গাৰ্গৰ মৃত্যুত শোকবিহ্বল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে কালি বিশ্ববিদ্যালয় চৌহদত প্ৰিয় শিল্পীগৰাকীৰ গীতেৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনায়।
শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত জুবিন গাৰ্গৰ প্ৰতিকৃতিত শিক্ষার্থীসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শাৰী শাৰী বন্তি জ্বলাই গুণমুগ্ধসকলে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সত্ৰপীঠ মাজুলীত শোকৰ ছাঁ পৰে। জিলাখনৰ সকলো প্ৰান্ততে স্বতঃস্ফূতভাৱে জনসাধাৰণ ওলাই আহি মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
বৰপেটাতো আদৰৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি কালি জিলাখনৰ ভালেসংখ্যক লোকে শ্রদ্ধা জ্ঞাপন কৰে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ কৰাপাতৰ সন্মুখত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত শিল্পীগৰাকীলৈ ৰাইজৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু ডেকা সত্ৰীয়ায়ো শ্রদ্ধা জ্ঞাপন কৰে ।
কোকৰাঝাৰ জিলাত সকলো জাতি-জনগোষ্ঠীৰ লোকে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।
হোজাই জিলাৰ লংকাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই হাতত মমবাতি জ্বলাই লৈ মৌন সমদল উলিয়ায়। লংকা মহাবিদ্যালয়ত কালি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধা জনায়।
প্রিয় শিল্পীগৰাকীক হেৰুৱাই মর্মাহত অজস্র গুণমুগ্ধই কালি শিল্পীগৰাকীৰ কাহিলিপাৰা আৰু খাৰঘূলিত অৱস্থিত বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হয়। দুয়ো ঠাইতে প্ৰিয় শিল্পীগৰাকীক ৰাইজে আৱেগেৰে শ্ৰদ্ধা জনায়।