ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2025 8:33 PM | Atul Bora Meeting

printer

জনতা ভৱনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কেইখনমান জিলাৰ ধাননীত শেহতীয়াকৈ শুঁৰ পোকৰ আক্ৰমণ ৰোধ কৰাৰ বাবে বিষয়াসকলৰ সৈতে আলোচনা কৰে আৰু শূৰ পোককে ধৰি সকলো কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ক্ষীপ্ৰতাৰে পদক্ষেপ ল’বলৈ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত শেহতীয়া বান আৰু খৰাং পৰিস্থিতিৰ বাবে খেতিয়কসকল সন্মুখীন হোৱা লোকচানৰ প্ৰতি লক্ষ্য ৰাখি ৰবি শস্যৰ বতৰত খেতিয়কসকলৰ হিতার্থে সময়মতে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে পি এম কিষাণ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখল বিকাশ অভিযান, কৃষি জ্ঞান কেন্দ্ৰ নিৰ্মাণ আঁচনিকে ধৰি ৰাজ্যখনত ৰূপায়ণ হৈ থকা বিভিন্ন কৃষি আঁচনি আৰু প্ৰকল্পৰ শেহতীয়া স্থিতিৰ বুজ লয়। তেওঁ লগতে কাজিৰঙাৰ কহৰাত নিৰ্মিয়মান উদ্যানখনৰ লগতে দৰংগিৰিৰ কলৰ পাইকাৰী বজাৰখনৰ নিৰ্মাণকাৰ্য্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত কৃষকৰ বাবে বীজ বিতৰণ আৰু বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহে স্থান লাভ কৰে। কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়া, কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় ৰবীন, কৃষি সচিব তেজ প্রসাদ ভূষাল, যুটীয়া সচিব গুণজিৎ কাশ্যপকে ধৰি ভালেসংখ্যক শীর্ষ বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।