জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সম-জিলাৰ আয়ুক্ত বিশ্বজিৎ শইকীয়াই এই সন্দৰ্ভত কয়, যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৱিত্ৰতা আৰু শৃংখলা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈহে দর্শনার্থীয়ে সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সেই অনুসৰি আজি নিশা ১০ বজাৰ পাছত সমাধিস্থলীৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি ডিমৰীয়া সম-জিলাৰ আয়ুক্তগৰাকীয়ে কয়।
Site Admin | October 24, 2025 6:47 PM | BelovedZubeen | JusticeForZubeenGarg | sonapur zubeen garg
জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য