জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা শিল্পীগৰাকীৰ ভিছেৰা প্ৰতিবেদন আজি আৰক্ষীয়ে লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনে এই সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিয়ে প্রতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল যদিও মৃত্যুৰ ঘটনাক লৈ সন্দেহ ঘণীভূত হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু ভিছেৰা নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। শ্ৰীগুপ্তাই কয় যে ছিংগাপুৰত যিহেতু অসম আৰক্ষীয়ে গৈ ঘটনাটোৰ তদন্ত কৰিব নোৱাৰে সেয়েহে কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে থকা পাৰস্পৰিক আইনী সহায়তা চুক্তি অনুসৰি দেশখনক এই গোচৰৰ তদন্তৰ ক্ষেত্ৰত সহায়ৰ বাবে ইতিপূৰ্বে অৱগত কৰোৱা হৈছে। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ এটর্ণী জেনেৰেলক এই বিষয়ে সম্পূৰ্ণ ৰূপে অৱগত কৰোৱাৰ পাছত ছিংগাপুৰ চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থাও গ্ৰহণ কৰিছে। ছিংগাপুৰত থকা ভাৰতীয় উচ্চ আয়োগৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলিও তেওঁ কয়। তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা ১১জন প্রবাসী অসমীয়ালৈ আৰক্ষীয়ে ইতিমধ্যে চমন জাৰি কৰিছে আৰু ইয়াৰে ৰূপকমল কলিতা নামৰ লোকজন অসমত উপস্থিত হৈ আৰক্ষীক ভাষ্য দিছে বুলি শ্রীগুপ্তাই উল্লেখ কৰে।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই এই তদন্ত প্রক্রিয়া সন্দর্ভত কয় যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসম আৰক্ষীয়ে এই তদন্ত প্রক্রিয়া নিয়াৰিকৈ চলাই আছে আৰু ন্যায়পালিকাৰ ওপৰত আস্থা ৰখা হৈছে। অসমীয়া প্ৰাণৰ শিল্পীগৰাকীয়ে নিশ্চিতভাৱে ন্যায় লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। ইপিনে, শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আজিও আৰক্ষীয়ে কেইবাজনো লোকক সোধা-পোচা কৰে। জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰাৰো আজি আৰক্ষীয়ে ভাষ্য গ্রহণ কৰে।