ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 3, 2025 9:29 PM | CM on Live

printer

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ ন্যায়িক আয়োগ গঠন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ অধ্যক্ষতাত কাইলৈ এখন ন্যায়িক আয়োগ গঠন কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূর্বে সামাজিক মাধ্যম যোগে জনসাধাৰণক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী বিচাৰপতিৰ নেতৃত্বত এখন আয়োগ গঠন কৰাৰ বাবে মুখ্য ন্যায়াধীশক অনুৰোধ জনাইছিল। এই অনুসৰি কাইলৈ আয়োগ গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে ইচ্ছুক জনসাধাৰণে এই ঘটনা সন্দৰ্ভত আয়োগৰ ওচৰত শপতনামা দাখিল কৰিব পাৰিব। এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে আৰক্ষীয়ে ১৪ দিনৰ বাবে অভিযুক্তসকলক জিম্মাত লাভ কৰিছে আৰু সোধা-পোছা কৰি আছে। ছিংগাপুৰৰ অসমীয়া লোকসকলক এই ক্ষেত্ৰত শীঘ্ৰেই সহযোগিতা কৰিবলৈ কোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ড° শৰ্মাই কয়, যে ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ শিল্পীগৰাকীৰ পত্নী আৰু আদালতক প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যত শীঘ্ৰেই ৩৫ হাজাৰ প্ৰাৰ্থীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব। তেওঁ কয়, যে ৭ অক্টোবৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত ৩০ লাখ হিতাধিকাৰীক পুঁজি বিতৰণ কৰা হ’ব। বি টি আৰৰ জিলা কেইখনৰ বাহিৰে ৰাজ্যৰ বাকী জিলাৰ হিতাধিকাৰীসকলে এই পুঁজি লাভ কৰিব বুলি তেওঁ কয়।
কেন্দ্ৰীয় মন্ত্ৰী সভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, যে ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যই এই পথচোৱা নিৰ্মাণৰ বাবে ৬ হাজাৰ ৯৫৭ কোটি টকা ব্যয় কৰা হ’ব। ইয়াৰ ফলত বন্য জীৱজন্তুসমূহ বিপদমুক্ত হোৱাৰ লগতে যান-বাহন চলাচলত সুবিধা হ’ব বুলি তেওঁ উল্লেখ কৰে। গোলাঘাট আৰু গহপুৰৰ মাজত সুৰংগ নির্মাণ বাবে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব বুলি তেওঁ উল্লেখ কৰে। মাজুলীৰ কমলাবাৰী আৰু নিমাতীঘাট সংযোগী দলংখন নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু এটা ব্যক্তিগত প্ৰতিষ্ঠানে দুমাহৰ ভিতৰত কাম আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰাজ্যখনৰ বানৰ ক্ষয়-ক্ষতি জোৰা মৰাৰ বাবে গৃহ মন্ত্ৰ্যালয়ে এহেজাৰ ২০০ কোটি টকাৰ অনুমোদন দিয়া বুলি তেওঁ উল্লেখ কৰে। তদুপৰি মেঘালয়ৰ পানী শিলসাকোলৈ লৈ লোৱাৰ বাবে আন এটা প্ৰকল্পটো গৃহ মন্ত্ৰ্যালয়ে অনুমোদন দিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।