ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত অভিযোগ উঠা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৬ অক্টোবৰৰ ভিতৰত অসমত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। এই ঘটনাৰ ন্যায় বিচাৰ নোহোৱালৈ অসম চৰকাৰ ক্ষান্ত নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাইজক আইন হাতত তুলি নলবলৈ অনুৰোধ জনায়। তদুপৰি উৰাবাতৰিত পতিয়ন নাযাবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত এজন ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায়িক সমিতি গঠন কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। এই সমিতিখনে তদন্ত প্রক্রিয়া চালি-জাৰি চাব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে দুয়োগৰাকী অভিযুক্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লুকআউট ন’টিছ জাৰি কৰিছে। দুয়োজন অভিযুক্তই কোনো কাৰণতে যাতে ভাৰত এৰি যাব নোৱাৰে তাৰ বাবে ইণ্টাৰপলৰ জৰিয়তে অসম আৰক্ষীয়ে এই জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত যথেষ্ট আগবঢ়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্রদূতৰ জৰিয়তে ৮ জন প্রবাসী অসমীয়ালৈও জাননী জাৰি কৰিছে। অহা ৬ অক্টোবৰৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে আটাইকেইজনকে চি আই ডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়। ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি তেওঁৰ সহধর্মিনী গৰিমা শ‍ইকীয়া গাৰ্গসহ পৰিয়ালৰ তিনিগৰাকী সদস্যই কালি এজাহাৰ দাখিল কৰে। ই-মেইলযোগে চি আই ডিলৈ প্ৰেৰণ কৰা এজাহাৰখনত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে ছিংগাপুৰত দুৰ্ঘটনা হোৱাৰ সময়ত শিল্পীগৰাকীৰ লগত থকা সকলোৰে নাম এজাহাৰখনত উল্লেখ কৰা হৈছে।