September 23, 2025 8:15 PM | Assam Self Bandh

printer

জনতাৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলাৰ জনজীৱন স্থবিৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জনজীৱন স্থবিৰ হৈ পৰে। সকলো জিলাতে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দোকান-পোহাৰসমূহো বন্ধ হৈ থাকে। ডিব্ৰুগড় জিলা নালিয়াপুল যুৱ উন্নয়ন পৰিষদে আজি অসম চিকিৎ‍সা মহাবিদ্যালয়ত ৰোগীসকলৰ লগতে আত্মীয়সকলক প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আহাৰ বিতৰণ কৰে। জিলাখনৰ সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বানত ১৮৩ খন বাগিছা বন্ধ ৰাখি শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। প্ৰতিখন চাহ বাগিছাত অসংখ্য শ্রমিক ওলাই আহি শিল্পীগৰাকীক অমৰ হওক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। তেওঁলোকে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পন আৰু বন্তি প্ৰজলন কৰি তেওঁ কায়িকভাৱে বিদায় জনায়। উত্তৰ অসম পেট্ৰ’লিয়াম ডিলাৰ্ছ এচোছিয়েছনে আজি প্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত শ্ৰদ্ধা জনাই পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজা পর্যন্ত তেজপুৰৰ সকলো পেট্রল পাম্প বন্ধ ৰাখে।