ডাউনলোড
মোবাইল এপ

android apple
signal

September 21, 2025 7:28 PM | BelovedZubeen

printer

জনতাৰ শিল্পী জুবিন গাৰ্গক দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বিৰল প্ৰতিভাসম্পন্ন শিল্পী, একাধিক প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। জুবিন গাৰ্গৰ বিয়োগত আজিও দেশৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। মুম্বাইত ভালেসংখ্যক শিল্পীয়ে আজি জুবিনক গানেৰে শ্ৰদ্ধা জনায়। কলকাতাতো অসংখ্য শিল্পীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্রিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলাৰ মাকুমত আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সমদল উলিওৱা হয়। দৰং জিলা সাহিত্য সভা, মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী, মঙলদৈ মহাবিদ্যালয়কে ধৰি দৰং জিলাৰ বিভিন্ন স্থানত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সমূহীয়া প্ৰাৰ্থনা সভা, ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। হোজাই জিলা ক্রীড়া সন্থা, স্কাউট গাইড আৰু ভালুকমাৰী ট্ৰেইনিং একাডেমীৰ সহযোগত প্ৰিয় শিল্পীগৰাকীৰ ৫২ বছৰীয়া বৰ্ণিল জীৱনৰ প্ৰতি শ্ৰদ্ধা জনাই ৫২ জোপা গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিত থাকে।
কাৰ্বি আংলং জিলাৰ মহিলা সমিতিৰ উদ্যোগত আজি সন্ধিয়া বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সকলোৱে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰাৰ লগতে তেওঁৰ মায়াবিনী শীৰ্ষক গীতটি সমস্বৰে পৰিবেশন কৰে।
কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মহান শিল্পীগৰাকীৰ আত্মাৰ সদ্‌গতি কামনা কৰি আজিৰে পৰা অহা ২৭ ছেপ্তেম্বৰলৈ সপ্তাহজোৰা ভাগৱত পাঠ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পিতাম্বৰ ভকতে এই ভাগৱত পাঠৰ শুভাৰম্ভ কৰে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰাজহুৱা খেলপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিলাসীপাৰা জিলা সমিতি আৰু বিলাসীপাৰা প্ৰেছ ক্লাবৰ সহযোগত কণ্ঠশিল্পীগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক দেৱাশীষ বৰা, ৰাজহ চক্ৰ বিষয়াকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতাসকল উপস্থিত থাকে।