September 21, 2025 12:06 PM | APSC Exam postpone

printer

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগৰ পৰীক্ষা স্থগিত

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে আজি আৰু কাইলৈ হ’বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। আয়োগে প্রকাশ কৰা মতে, আজি হ’বলগীয়া মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। একেদৰে, কাইলৈ হ’বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া ২৫ আৰু ২৬ ছেপ্তেম্বৰলৈ পিছুৱাই দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটা শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যিক শোক ঘোষণা কৰালৈ চাই সেৱা সপ্তাহ উপলক্ষে গ্রন্থবর্ষ, ২০২৫-ৰ সৈতে সংগতি ৰাখি প্ৰদান কৰিবলগীয়া যুৱ লেখক সন্মানৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰৱৰ্তী সময়ত এই অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে আজি হ’বলগীয়া বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক মূল্যায়ন পৰীক্ষা এফ এল এন এ টি স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ৪ লাখ ৭০ হাজাৰ প্ৰাপ্তবয়স্ক শিক্ষার্থীয়ে অংশ ল’বলগীয়া এই মূল্যায়ন পৰীক্ষা অহা ১২ অক্টোবৰত অনুষ্ঠিত হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সেৱা সপ্তাহৰ অধীনত প্ৰয়োজনীয় সেৱাৰ কাৰ্যসূচী চলি থাকিব যদিও আনুষ্ঠানিক তথা অন্যান্য লাভ বিতৰণৰ অনুষ্ঠানসমূহ স্থগিত ৰখা হ’ব।