জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিত বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱত দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতত বাস কৰা জনজাতীয় লোকসকলৰ এটা বৈচিত্ৰময় আৰু সমৃদ্ধিশালী ইতিহাস আছে। এই ইতিহাসত কিছুমান কাহিনীলৈ ৰূপান্তৰিত কৰি শিশুসকলৰ শিক্ষাৰ বাবে যুগুতাই উলিওৱাৰ লগতে জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যক উদ্যাপন কৰাৰ যথেষ্ট থল আছে। শ্ৰীমতী ঠাকুৰে থলুৱা ভাষাসমূহৰ ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা আৰু ইয়াৰ লুপ্তপ্ৰায় অৱস্থাৰ বিষয়ে উদ্বেগ প্রকাশ কৰে। এই ভাষাসমূহ সংৰক্ষণৰ উদ্দেশ্যে ইংৰাজীৰ দৰে জনপ্ৰিয় ভাষাসমূহৰ আগ্ৰাসনৰ পৰা ইয়াক বচাই ৰখা আৰু অধিক লোকৰ মাজত থলুৱা ভাষাসমূহৰ ব্যৱহাৰৰ প্ৰসাৰ ঘটাবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে স্বাস্থ্যকৰ, স্বাভাৱিক আৰু ভাৰসাম্য জীৱন এটাৰ সন্ধানত সম্প্ৰতি মহানগৰৰ পৰা গ্ৰাম্যাঞ্চললৈ জনসাধাৰণৰ ওলোটাকৈ প্ৰব্ৰজন ঘটাৰ বিষয়টোতো আলোকপাত কৰে।
Site Admin | November 11, 2025 7:56 PM | Akashvani | Akashvani News | National Tribal Literary Festival | Savitri Thakur
জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিতঃ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰ