জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীক চেক বিতৰণ

কৰ্কটকে ধৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীৰ মাজত তেওঁলোকৰ চিকিৎসা ব্যয়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহায্য আঁচনি সুহৃদৰ অধীনত মুঠ ২ লাখ ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে।

মঙলদৈৰ সাংসদ কাৰ্য্যালয়ত অনুষ্ঠিত কাৰ্য্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।