ডাউনলোড
মোবাইল এপ

android apple
signal

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনাক স্মৰণ কৰি নাম-কীৰ্তন পৰিৱেশন কৰাৰ লগতে বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হৈছে।

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ১৯ আগষ্টৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হ’ব। তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে বৃন্দাবন হাটীৰ হাটীয়াৰ ঘৰৰ পৰা ওজাপালি, গায়ন-বায়ন, নাম-কীৰ্তনীয়া দলে সত্ৰীয়া পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰিব।
একেদৰে পাটবাউসী থানতো এই তিথি পালন কৰা হৈছে।
মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে সত্ৰ-নামঘৰসমূহ সুন্দৰকৈ সজাই- পৰাই তোলা হৈছে। মাজুলীৰ ৩৩ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম, কীৰ্তনৰ অমিয়া ধ্বনিৰে আকাশ-বতাহ মুখৰ হৈ পৰিছে। গোৱালপাৰাৰ বগুৱানৰ শ্ৰীশ্ৰী হাটী সত্ৰ আৰু শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত গুৰুজনাৰ তিৰোভাব তিথি পালন কৰা হৈছে। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে কীর্তন মহোৎসৱ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিৰোভাব তিথি উপলক্ষে সশ্রদ্ধ প্ৰণিপাত জনাইছে।