November 30, 2025 7:49 PM | Six tribe protest

printer

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্রতিবেদন দাখিলৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠনৰ প্রতিবাদ

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে কালি প্রতিবেদন দাখিল কৰাৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠন প্রতিবাদমুখৰ হৈ পৰিছে। আজি সদৌ অসম ট্রাইবেল সংঘৰ উদ্যোগত কেইবাটাও জনজাতীয় সংগঠনে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পলটনবজাৰত থকা জনজাতীয় জিৰণি চ’ৰাত প্রতিবেদন দাহ কৰি ট্রাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীয়ে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই জনজাতীয় লোকসকলক অধিক বঞ্চিত কৰিব। সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্রত যথেষ্ট আগবাঢ়ি থকা তথা জনবহুল জনগোষ্ঠীসমূহক উপত্যকা জনজাতি হিচাপে স্বীকৃতি দি মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন কোনো পৰিস্থিতিতেই মানি লোৱা নহ’ব বুলিও খাখলাৰীয়ে মন্তব্য কৰে। জনজাতীয় নেতাগৰাকীয়ে এসপ্তাহৰ ভিতৰত মুখ্যমন্ত্রী পৰ্যায়ত এখন উচ্চস্তবীয় বৈঠক অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। এনে আলোচনা অনুষ্ঠিত নকৰিলে অধিক আন্দোলনৰ হুংকাৰ দি খাখলাৰীয়ে কয় যে, কাইলৈ সমগ্র অসমতে ট্রাইবেল সংঘ আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সমগ্র অসমতে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাহ কৰা হ’ব। আজিৰ প্ৰতিবাদী কার্যসূচীত নিখিল বড়ো ছত্ৰ সন্থাৰ নেতা দীপেন বড়োকে ধৰি আন আন সংগঠনৰ নেতাকর্মী উপস্থিত থাকে।

কটন বিশ্ববিদ্যালয়ৰ জনজাতীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলেও আজি সন্ধিয়ালৈ হয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে।

ইফালে, ছয় জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত ইউ পি পি এলে দলীয় স্থিতি স্পষ্ট নকৰাৰ পৰিপ্ৰেক্ষিতত কোচ ৰাজবংশীৰ বহুকেইগৰাকী নেতাই সমুহীয়াভাৱে দল ত্যাগ কৰে। আক্ৰাচুৰ প্রাক্তন সভাপতি তথা ইউ পি পি এলৰ কেন্দ্রীয় সম্পাদক অৰুণ কুমাৰ ৰায়, শীর্ষনেতা শ্রীবাস বর্মনকে ধৰি ২২ গৰাকী নেতাই সমুহীয়াভাৱে আজি দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। চিৰাং জিলাৰ চিদলীত এখন সংবাদমেল সম্বোধন কৰি অৰুণ কুমাৰ ৰায়ে কয়, যে আক্রাছুকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনৰ আহ্বানমর্মে জাতীয় স্বার্থক অগ্রাধিকাৰ দি পদত্যাগৰ সিদ্ধান্ত লোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।