ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাত প্রতিবাদী কার্যসূচী অব্যাহত আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰাইদেউ জিলা সমিতিৰ নেতৃত্বত সোণাৰিত কালি হাজাৰ হাজাৰ লোকে প্রতিবাদী সমদল উলিয়ায়। প্রতিবাদকাৰীসকলে জনজাতিকৰণৰ উপৰি মজুৰি বৃদ্ধি আৰু ম্যাদিপট্টাৰ দাবী জনায়। সদৌ টাই-আহোম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমর্মে যোৰহাট জিলা সমিতিৰ উদ্যোগত কালি জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীৰে মৰিয়নিত জোৰ সমদল উলিওৱা হয়। সংগঠনটোৱে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে টাই-আহোমক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবী জনায়। টাই-আহোম যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কমতাপুৰ মুক্তি সংগঠনৰ সৈতে শান্তি চুক্তি সম্পাদন কৰাৰ দাবীৰে আক্ৰাছুকে ধৰি কোচ-ৰাজবংশীৰ কেইবাটাও দল-সংগঠনে কালি কোকৰাঝাৰত জোৰ সমদল উলিয়ায়। চাওতাল জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু ভূমিপটা প্রদান তথা ২০২২ৰ ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তিত সম্পন্ন হোৱা প্রতিটো দফা শীঘ্রেই কাৰ্যকৰীকৰণৰ দাবীত কালি চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্র সন্থাই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ইপিনে, বঙাইগাঁও জিলাত কালি অসম গণ পৰিষদ দলৰ একাংশ নেতাই সদৌ কোচ ৰাজবংশী ছাত্র সন্থাকে ধৰি জনগোষ্ঠীটোৰ আন কেইবাটাও সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হয়। বৈঠকৰ অন্তত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰায়ে সাংবাদিকৰ আগত অসম আৰু অসমীয়াক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু খিলঞ্জীয়াৰ অস্তিত্ব নিৰূপণ কৰাৰ অৰ্থে ছটা জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰা উচিত বুলি উল্লেখ কৰে।