ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নম, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণণ, ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজন, সুবানা জুৰঙৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ এক আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে। ড০ শৰ্মাই তেওঁলোকৰ সৈতে নগৰ পৰিকল্পনাৰে ৰাজ্যত চহৰ আৰু ঔদ্যোগিক উদ্যান নির্মাণ, সেউজ শক্তি, কাৰিকৰী শিক্ষা, জাগীৰোডৰ ইলেকট্রনিক ছিটিত অংশীদাৰিত্ব আদি বিষয় লৈ আলোচনা কৰে। তেওঁ লগতে এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ সৈতে ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব বুলি আশা প্রকাশ কৰে। ড০ শৰ্মাই কয় যে অসমত বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে আই টি আই ছিংগাপুৰৰ দক্ষতাৰ ব্যৱহাৰৰ পথ অন্বেষণ কৰিব। ভ্রমণকালত ড০ শৰ্মাই আই টি ই ছিংগাপুৰৰ উদ্যোগ কেন্দ্ৰিক এৰোস্পেচ পৰীক্ষাগাৰ, ফেকালটিৰ মান, ইলেকট্রনিক্স আদিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ কথা ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।