June 15, 2024 9:11 PM | seba programme

printer

‘ছেবা’ৰ উদ্যোগত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামৰূপ একাডেমীত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি

অসম মাধ্যমিক শিক্ষা পৰিষদ অর্থাৎ ছেবাৰ উদ্যোগত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১১ জুনৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণৰ আজি সামৰণি পৰে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত আৰু জিলাখনৰ অধিবিদ্যা পৰিষদ তথা অভ্যন্তৰীণ পৰীক্ষা বোৰ্ডৰ সহযোগত নতুন শিক্ষানীতিৰ আধাৰত গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষণ পদ্ধতি সম্পর্কত এই প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণত জিলাখনৰ ৩৩ টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ অধীনত ৩২৫ খন বিদ্যালয়ৰ একোগৰাকীকৈ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষকক নতুন শিক্ষানীতিৰ আধাৰত শেহতীয়াকৈ যুগুত কৰা দুয়োটা বিষয়ৰ শিক্ষণ পদ্ধতি সম্পৰ্কে খৰচী মাৰি প্ৰশিক্ষণ দিয়া হয়। ১১ গৰাকী মূল প্রশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।