ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ছেকণ্ডৰাবাদৰ ৰাষ্ট্ৰপতি নীলয়মত কালি ভাৰতীয় কলা মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি কৰে। ৰাষ্ট্ৰপতি নীলয়মে সংস্কৃতি মন্ত্ৰ্যালয়, বস্ত্ৰ মন্ত্ৰ্যালয় আৰু পৰ্যটন মন্ত্ৰ্যালয়ৰ সহযোগত এই ৯-দিনীয়া সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰা হ’ব। অনুষ্ঠানত ভাষণ দি শ্রীমতী মুৰ্মুৱে কয়, যে ভাৰতীয় কলা মহোৎসৱৰ প্ৰথম সংস্কৰণত জনসাধাৰণক উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। এইবাৰৰ সংস্কৰণত জনসাধাৰণে পশ্চিম ভাৰতৰ সংস্কৃতি-পৰম্পৰাক প্ৰত্যক্ষ কৰাৰ সাক্ষী হ’ব। তেওঁ কয়, যে চৰকাৰে জনসাধাৰণক বিশেষকৈ যুৱ চামক দেশৰ বৰ্ণাঢ্য ঐতিহ্যসমূহৰ সৈতে সংযুক্ত কৰি ৰখাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতীয় কলা মহোৎসৱৰ দৰে অনুষ্ঠানসমূহে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলক এজনে আনজনক বুজাৰ সুযোগ দিয়াৰ লগতে দেশৰ বৰ্ণাঢ্য পৰম্পৰাক সন্মান প্ৰদৰ্শনৰ বাবে উৎসাহিত কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
Site Admin | November 22, 2025 12:11 PM | Prez inauguration
ছেকণ্ডৰাবাদৰ ৰাষ্ট্ৰপতি নীলয়মত ভাৰতীয় কলা মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি