January 20, 2026 11:42 AM | CM in Switzerland

printer

ছুইজাৰলেণ্ডৰ ডাভ’ছত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশখনলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান চন্মুগৰত্নমক সাক্ষাৎ কৰি মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলে আদৰণি জনায়। ড০ শৰ্মাৰ সৈতে এই সন্মিলনত অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্রীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ববেংকৰ অধ্যক্ষ অজয় বাংগায়ো অংশ লৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত প্ৰথমবাৰৰ বাবে অসমৰ অংশগ্ৰহণৰ জৰিয়তে গোলকীয় বিনিয়োগকাৰীসকলক আকৰ্ষণৰ প্ৰয়াস কৰা হ’ব বুলি উল্লেখ কৰে।
এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকর্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত ৰাজ্যখনক আগশাৰীলৈ লৈ যোৱাৰ দিশত সহায়ক হব। মুখ্যমন্ত্ৰীয়ে এই ফ’ৰামত কমেও ১৭ খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা । সন্মিলনৰ ৫৬ সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ ৩ হাজাৰৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা আছে। অহা ২৩ জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব।