ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন অনুষ্ঠিত হ’ব। সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ ৩হাজাৰৰো অধিক নেতাই অংশ ল’ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্রতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰলেণ্ডৰ চহৰখনত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী আৰু কে ৰামমোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমৰ উপৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীকেইগৰাকীয়ে বিনিয়োগকাৰীসকলৰ সন্মুখত নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব।

সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা দেশখনলৈ ইতিমধ্যে ৰাওনা হৈছে। অসমৰ প্রতিনিধি হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছো সন্মিলনত অংশ লোৱাৰ বাবে ৰাওনা হৈছে।
এই সন্মিলনত দেশৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব। ডাভ’ছত বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কার্যবাহী বিষয়া, বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববীসকলৰ লগত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত অসমক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী ড০ শৰ্মা হ’ব প্ৰথমগৰাকী অসমীয়া। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত অসমক আগশাৰীলৈ লৈ যোৱাৰ দিশত পদক্ষেপ ল’ব। তেওঁ এই ফ’ৰামত ১৭ খনতকৈও অধিক বৈঠকত অংশ লোৱাৰ লগতে বহুকেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ড০ হৰিণী অমৰাচুৰীয়া ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ ৫৬ সংখ্যক সন্মিলনত অংশ লোৱাৰ বাবে দেশখনৰ পৰা ৰাওনা হৈছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাখনো দেশৰ নেতাৰ সৈতে এলানী দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ কথা। এই আলোচনাৰ কালত অর্থনৈতিক সহযোগিতা, বিনিয়োগৰ সা-সুবিধা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ তথা দেশখনৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সহযোগিতা বিষয়সমূহে স্থান লাভ কৰিব৷