ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। এই মঞ্চই বিশ্বৰ সন্মুখত ভাৰতে আগবঢ়োৱা সর্বোত্তম সুযোগ সুবিধাসমুহ প্ৰদৰ্শন কৰি দেশৰ সন্মান বৃদ্ধি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই আজি গোলকীয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰি ফলপ্রসূ আলোচনাত মিলিত হয়। ড° শৰ্মাই অসমৰ ছেমি কণ্ডাক্টৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত টাটা গ্ৰুপৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কয়, যে বিশ্বৰ মুখ্য অংশীদাৰসকলৰ সৈতে একেলগ হৈ ৰাজ্যখনৰ ঔদ্যোগিক পৰিৱেশ সুদৃঢ় কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ।

উল্লেখযোগ্য যে অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ড° শৰ্মাই এই সন্মিলনত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত ৰাজ্যখনক আগশাৰীলৈ লৈ যোৱাৰ দিশত সহায়ক হ’ব। মুখ্যমন্ত্ৰীয়ে এই ফ’ৰামত কমেও ১৭ খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ ৫৬ সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ ৩ হাজাৰৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা আছে। অহা ২৩ জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।