ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমিৰ ডামাস্কাছ ভ্ৰমণৰ পাছতে ছিৰিয়া আৰু ব্ৰিটেইনে দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পর্ক আনুষ্ঠানিকভাৱে নৱীকৰণ কৰিছে। দুয়োখন দেশৰ চৰকাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি লণ্ডনত ছিৰিয়াৰ দূতাবাস পুনৰ মুকলি কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ছিৰিয়া-ব্ৰিটিছ অর্থনৈতিক পৰিষদ স্থাপন কৰিবলৈও দুয়োখন দেশ সন্মত হৈছে। লেমীয়ে ছিৰিয়াৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ আৰু দেশখনৰ সামগ্ৰিক ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে ব্ৰিটেইনৰ সমৰ্থনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ছিৰিয়াৰ কৃষি আৰু শিক্ষা খণ্ডসমূহক উন্নয়নৰ দিশত ব্ৰিটেইনৰ সহযোগিতাৰ আশ্বাস দিয়ে। এই ভ্রমণকালত লেমীয়ে ছিৰিয়াত শিক্ষা আৰু জীৱিকাৰ সুবিধা ত্বৰান্বিত কৰা, মানৱীয় সাহায্য প্ৰদান আৰু ছিৰিয়াৰ শৰণাৰ্থীসকলক আতিথ্য দিয়া চুবুৰীয়া দেশসমূহক সহায় কৰাৰ বাবে ১১১.৩ নিযুত ডলাৰৰ সাহায্যৰ কথাও ঘোষণা কৰে।
Site Admin | July 6, 2025 8:16 PM | Syria and UK
ছিৰিয়া আৰু ব্ৰিটেইনে দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পর্ক আনুষ্ঠানিকভাৱে নৱীকৰণ কৰিছে