ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাখন আজি সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ উদ্দেশ্যেৰে সহপাঠ্যক্ৰম হিচাপে আয়োজন কৰা এই কর্মশালাখন যোৱা ১০ জুলাইত আৰম্ভ হৈছিল। ১৫ দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰীসকলক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিজনী সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।
Site Admin | July 24, 2025 6:51 PM | Akashvani | Akashvani News | Assam Govt | Sidli
ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাৰ আজি সামৰণি
