ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শ্রী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্ৰসাদ আচাৰ্যই ২০১৫ চনৰ পৰা ২০২৩ চনলৈ উত্তৰপ্ৰদেশ বিধানসভাৰ জনপ্রতিনিধি হিচাপে সেৱা আগবঢ়াইছিল। ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্রশাসক হিচাপে নিযুক্তি দিয়া হৈছে। অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে। সেই অনুসৰি মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰিভাও কিষানৰাও বাগড়েক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ত্ৰিপুৰাৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী জিষ্ণু দেৱ বাৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ওম প্রকাশ মাথুৰক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰাক্তন কেন্দ্রীয় মন্ত্রী সন্তোষ কুমাৰ গাংগৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী চি এইচ বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ডৰ বৰ্তমানৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া কে. কৈলাশ নাথনক পুডুচেৰীৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।