ছিকিমৰ নামচিৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন গ্রীণ স্কুল ৰেটিং লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত কালি বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰ চি এছ ইয়ে চলিত বৰ্ষৰ গ্ৰীণ কার্ণিভেল আৰু গ্ৰীণ স্কুল বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰিছিল। উল্লেখযোগ্য যে বাবে চি এছ ইয়ে দেশৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ যুৱ পৰিবেশবিদ সকলক নিয়োজিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। এই কাৰ্যসূচীত জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰত গ্ৰীণ স্কুল হিচাপ পৰীক্ষা প্রতিবেদনৰ মূল্যায়ন আৰু বিশ্লেষণৰ পাছত গ্ৰীণ স্কুল ৰেটিং লাভ কৰা বিদ্যালয়সমূহক বঁটা প্ৰদান কৰা হয়।
Site Admin | February 5, 2025 7:54 PM | Green School Rating
ছিকিমৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক গ্রীণ স্কুল ৰেটিং লাভ কৰা শৈক্ষিক প্রতিষ্ঠান হিচাপে বিবেচিত