ছিকিমত কোনো ধৰণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰাকৈ জৈৱিকভাৱে মাছ উৎপাদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয়, যে কেন্দ্রই অতি সোনকালে ত্ৰিপুৰাতো এনে ব্যৱস্থা গঢ়াৰ বাবে পুঁজিৰ অনুমোদন জনাব। আগৰতলাত ৰাজ্যৰ প্ৰথমটো সংহত একুৱা পাৰ্ক আৰু মৎস্য উৎসৱৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই একুৱা পাৰ্কৰ লক্ষ্য হৈছে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ত্ৰিপুৰাক মাছ উৎপাদনত স্বাৱলম্বী কৰি তোলা। প্রায় ১০০ কোটি টকা ব্যয় সাপেক্ষ এই সংহত একুৱা পার্ক, ত্ৰিপুৰাৰ উনাকুটি জিলাৰ বি চি নগৰত নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে কেন্দ্ৰই এই প্ৰকল্পৰ বাবে ৪৩ কোটি টকাৰ অনুমোদন জনাইছে। ৫০০ একৰ মাটিৰ বিস্তৃত এলেকাত এই সংহত একুৱা পার্ক নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ মূল লক্ষ্য হ’ব মাছৰ উৎপাদন বৃদ্ধি কৰা। কেন্দ্ৰীয় মীন মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মাছ উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। ২০১৩-১৪ বৰ্ষত ভাৰতত মাছৰ উৎপাদন ৯৬ লাখ টন আছিল, কিন্তু যোৱা ১০ বছৰত এই সংখ্যা ১৮৪ লাখ টনলৈ বৃদ্ধি হৈছে। ২০৪৭ চনৰ ভিতৰত আত্ম-নিৰ্ভৰশীল ভাৰত গঢ়ি দেশখনক উন্নতিৰ পথত আগুৱাই নিয়াটো প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এটা অন্যতম দৃঢ় সংকল্প বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।
Site Admin | May 18, 2025 8:02 PM | Ministry of Fisheries
ছিকিমৰ দৰে জৈৱিকভাৱে মাছ উৎপাদনৰ ব্যৱস্থা ত্ৰিপুৰাতো কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ অনুমোদন দিবঃ কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙ
