ডাউনলোড
মোবাইল এপ

android apple
signal

ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায়ঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায় বুলি অভিহিত কৰিছে। ছিকিম ৰাজ্য প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰি তেওঁ এইদৰে মত প্ৰকাশ কৰে। ছিকিমৰ ৫০ বছৰ : উদ্দেশ্য সাধনমূলক প্ৰগতি আৰু প্ৰকৃতিৰ সৈতে বিকাশ সন্দৰ্ভত আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ এইদৰে কয়। উল্লেখযোগ্য যে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ উদ্দেশ্যে ছিকিম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্রী মোদী আজি পুৱা শিলিগুড়িৰ বাগদোগৰা বিমান বন্দৰত উপস্থিত হয় যদিও প্ৰতিকুল বতৰৰ বাবে তেওঁ ছিকিম ভ্রমণ বাতিল কৰিবলগীয়া হয়। ছিকিমৰ ৫০ বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ ৰাজ্যখনৰ উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা নিশ্চিত কৰে। ছেভক-ৰংপো ৰে’লপথে ছিকিমক দেশৰ ৰে’ল মানচিত্ৰৰ সৈতে সংযুক্ত কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, যে বিগত ১০ টা বছৰত ৰাজ্যখনত প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। একেদৰে গ্ৰামাঞ্চলতো ১০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰাৰ লগতে অটল সেতু নিৰ্মাণৰ জৰিয়তে ছিকিম আৰু দাৰ্জিলিঙৰ মাজত যোগাযোগ ব্যৱস্থা বহু পৰিমাণে উন্নত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

আজিৰ দিনটোৰ অন্যান্য কাৰ্যসূচীৰ অংশ হিচাপে পশ্চিমবংগৰ আলিপুৰদুৱাৰত আয়োজিত এখন পৰিৱৰ্তন সংকল্প সভাত ভাষণ দিয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে আলিপুৰ দুৱাৰ-কোচবিহাৰ মহানগৰীয়া গেছ বিতৰণ প্রকল্প এটাৰ আধাৰশিলা স্থাপন কৰিব। এহেজাৰ ১০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ জৰিয়তে প্ৰায় আঢ়ৈ লাখ পৰিয়াল, ১০০ৰো অধিক ব্যয়সায়িক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক গোটলৈ পাইপযোগে প্ৰাকৃতিক গেছ আৰু প্ৰায় ১৯টা চি এন জি ষ্টেচনলৈ সংকুচিত প্ৰাকৃতিক গেছ যোগান ধৰা হ’ব। এই প্রকল্পই অঞ্চলটোত সুবিধাজনক, নিৰ্ভৰযোগ্য, পৰিবেশ বান্ধৱ আৰু কম খৰচী ইন্ধন যোগান সুনিশ্চিত কৰিব আৰু কৰ্মসংস্থাপনৰ ন-ন সুযোগ সৃষ্টি কৰিব।
বিয়লি শ্রীমোদীয়ে বিহাৰৰ পাটনা বিমান বন্দৰত নতুনকৈ নির্মিত যাত্রী কেন্দ্ৰ এটা মুকলি কৰিব। প্ৰায় ১,২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই নতুন কেন্দ্ৰটোৰ জৰিয়তে বছৰি ১ কোটি যাত্রী আহ-যাহ কৰিব পাৰিব। ইয়াৰ পাছতে প্রধানমন্ত্ৰীয়ে পাৰ্টনাত এটা ৰোড শ্ব’ত অংশ ল’ব। পাটনা বিমান বন্দৰত আৰম্ভ হ’বলগীয়া এই ৰোড শ্ব’ৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাৰমণী পৰিব। ভ্রমণ কালত শ্রীমোদীয়ে ১,৪১০ কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া বিহু বিমান বন্দৰৰ অসামৰিক বহিঃক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক