ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ ভিত্তিক কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰিছে। এই শীৰ্ষ সন্মিলনৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ কোম্পানীসমূহৰ অসমৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ জড়িয়তে নিয়োগ আৰু সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰ ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয়।