জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়াটত থকা ছিংগাপুৰৰ কেইবাগৰাকীও প্রবাসী অসমীয়াই সোনকালেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি এছ আই টিৰ চমনৰ পাছতে কেইবাগৰাকীও প্রবাসী অসমীয়াই ইতিবাচক সঁহাৰি জনাইছে। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰসন্থাই ৰাজ্যজুৰি অহা ১৪, ১৯ আৰু ২৩ অক্টোবৰত বিশেষ কাৰ্যসূচীৰ আহ্বান জনাইছে।
জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰি ধেমাজি জিলাৰ গোগামুখত আজি শিল্পীজনৰ ৰাজহুৱা আদ্যশ্রাদ্ধ অনুষ্ঠিত হয়। আদ্যশ্রাদ্ধত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধর্ম-বর্ণ নির্বিশেষে অজস্রজনে শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন কৰে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা আদ্যশ্রাদ্ধ অনুষ্ঠানতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি হাজাৰৰো অধিক লোকে ৰাজহুৱা স্বাক্ষৰ কৰি দোষীক অনতিপলমে শাস্তিৰ দাবী জনায়। একেটা অনুষ্ঠানতে গোগামুখবাসীৰ মাজত এহেজাৰ ২০০ নাহৰ পুলি বিতৰণ কৰা হয়। শিক্ষামন্ত্রী তথা ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে নাহৰ পুলি ৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।
একেদৰে শিৱসাগৰ জুবিন গাৰ্গ ফেন ক্লাবে জয়সাগৰত নাহৰ হাবিৰ সৃষ্টি কৰাৰ এক বিশেষ প্রয়াস গ্রহণ কৰিছে। পৰিৱেশ সংৰক্ষণ আৰু জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত কাৰাৰ বাবে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্য আৰু বহু উৎসাহী লোকে একেলগে জয়সাগৰত ২০০ নাহৰ গছৰ পুলি ৰোপণ কৰে।