ছিংগাপুৰ অ’পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় পুৰুষ যুটি ছাট্টিক সাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে শীৰ্ষ স্থানৰ মালয়েছিয়াৰ গ’হ জে ফেই আৰু নুৰ ইজুদ্দিনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছিংগাপুৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটোৱে বিশ্বৰ ১ নম্বৰ স্থানৰ মালয়েছিয়াৰ যুটীটোক মাত্ৰ ৩৯ মিনিটৰ খেলত ২১-১৭, ২১-১৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। চলিত ছিজনত ভাৰতীয় যুটীটোৱে তৃতীয় বাৰৰ বাবে ছেমি ফাইনেলত প্ৰবেশ কৰিছে।
Site Admin | May 30, 2025 8:54 PM | Singapore Badminton
ছিংগাপুৰ অ’পেন বেডমিণ্টনত ভাৰতৰ পুৰুষ যুটি ছাট্টিক আৰু চিৰাগৰ ছেমি ফাইনেলত প্ৰবেশ
