ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাৰে ফেচবুক লাইভত সকিয়নি মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰো আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য গ্রহণ কৰা হয়। উল্লেখযোগ্য যে, ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা এই তিনিজনৰ লগতে ১১ গৰাকী প্রবাসী অসমীয়ালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। এই চমন মানি কিছুদিন পূৰ্বে ৰূপকমল কলিতা নামৰ প্ৰবাসী অসমীয়াজন এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিশা ফে’চবুক লাইভযোগে এই কথা প্রকাশ কৰি ভাষ্য দিবলৈ নহা ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি সকিয়াই দিছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক স্বেচ্ছাই আহি ভাষ্য দি আইনী প্রক্রিয়া সম্পূৰ্ণ কৰাত সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছিল। ড° শৰ্মাই কেন্দ্ৰীয় ফৰেণচিক বিজ্ঞান গৱেষণাগাৰে জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন দিয়াৰ পাছত এছ আই টিয়ে তদন্তৰ নিৰ্দিষ্ট গতি লাভ কৰিছে বুলি উল্লেখ কৰি কম দিনৰ ভিতৰতে আদালতত সকলো কথা প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিছে। এই ঘটনাৰ তদন্তক লৈ অসম চৰকাৰ, যিদৰে সক্ৰিয় হৈ আছে, সেইদৰে ছিংগাপুৰ আৰক্ষীয়েও সক্রিয়ভাৱে তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

ইপিনে, এছ আই টিয়ে জুবিন গাৰ্গৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্নজনক সোধাপোছা কৰি ভাষ্য গ্রহণ কৰিছে। বিশেষ তদন্তকাৰী গোটে কালি অৰুণ গাৰ্গৰ ভাষ্য গ্রহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি সাতোজনৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ শীঘ্ৰে অন্ত পৰিব। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ লগে লগে আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব।