● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়। সোধা-পোচাৰ সময়ত কলিতাই আৰক্ষীক তদন্তত সহযোগিতাৰ আশ্বাস দিয়ে। ইপিনে এছ আই টিয়ে কলিতাক সোধা-পোচা কৰাৰ পাছত দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য লাভ কৰিছে। বিশেষকৈ ছিংগাপুৰৰ সাগৰলৈ যোৱাৰ সময়ত য়’টত জুবিন গাৰ্গৰ সৈতে ৮ জনৰ পৰিৱৰ্তে মুঠ ১০ জন প্রবাসী অসমীয়া আছিল বুলি তথ্য পোৱা গৈছে। ইয়াৰে এগৰাকী নলবাৰীৰ টিহুৰ সুস্মিতা গোস্বামী বুলি জানিব পৰা গৈছে। তেওঁ সম্প্ৰতি ছিংগাপুৰত অধ্যয়ন কৰি আছে। এছ আই টিয়ে কালিও এই ঘটনা সংক্রান্তত বহুকেইজন লোকৰ ভাষ্য গ্রহণ কৰে। বিশিষ্ট শব্দ অভিযন্তা দিগন্ত শর্মা, নর্থ-ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱা, বাদ্য যন্ত্রী পার্থপ্রতিম গোস্বামী, জুবিন গাৰ্গৰ দুজন ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু প্ৰবীন বৈশ্যৰ ভাষ্য সংগ্ৰহ কৰা হয়।
Site Admin | October 10, 2025 12:56 PM | Assam Police | BelovedZubeen | Justice for Zubeen Garg | SIT
ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি
