ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত আদালতে শুনানি গ্রহণ কৰিব। চৰকাৰী পক্ষৰ অধিবক্তাক আজি পেনড্রাইভৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি দিয়া হৈছে। আজি শুনানিকালত কোনো এগৰাকী অভিযুক্তৰ হৈ জামিন আবেদন দাখিল হোৱা নাই বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

৬ জন অভিযুক্তৰ হৈ পূর্বে নিয়োগ কৰা অধিবক্তা ধ্ৰুৱজ্যোতি দাসে আৰু অমৃতপ্রভা মহন্তৰ নিজাববীয়া অধিবক্তা গেব্রিয়েল চাহুৱে যুক্তি প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ হৈ ওকালতি নকৰিবলৈ সদৌ অসম উকিল সন্থা আৰু গুৱাহাটী উকিল সন্থাই অধিবক্তা সমাজক আহ্বান জনাইছিল।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে যোৱা ১৬ ডিচেম্বৰত সমগ্ৰ বিষয়টো বিচাৰৰ বাবে ছেছন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে।