ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছানায়ে টাকাইচিক জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন

জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে টাকাইচিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন কৰিছে। লিবাৰেল ডেম’ক্রেটিক পার্টীৰ নেত্রী টাকাই চিয়ে পুৰণি মিত্ৰদল কমেইট’ৰ পৰা পৃথক হোৱাৰ পাছত জাপান ইন ইন’ভেচন পার্টী- জে আই পিৰ সৈতে এখন নতুন চৰকাৰ গঠন কৰিব। তেওঁ আজি বিয়লি আনুষ্ঠানিকভাবে প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। টাকাইচিয়ে দেশখনৰ উচ্চ সদনত প্রয়োজনীয় ভোটতকৈ মাত্র এটা ভোট বেছি অর্থাৎ ১২৫ টা ভোট লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ নিম্ন সদনত ২৩৭ টা ভোট লাভ কৰিছিল। নিম্ন সদনত তেওঁক ২৩৩ টা ভোটৰ আৱশ্যকতা আছিল। টাকাইচিয়ে একতাৰ সংকেত দি সকলো প্রধান প্রতিদ্বন্দ্বীক অন্তর্ভুক্ত কৰি মন্ত্রীসভা গঠন কৰিছে। এই অনুসৰি চিঞ্জিৰ’ কইজুমি প্ৰতিৰক্ষা মন্ত্রী, হয়াচি য়চিমাছা অভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্রী, টোছিমিটছু ম’টেগি বিদেশ মন্ত্রী, ছৎঢুকি কাত্যামা দেশখনৰ পৰৱৰ্তী বিত্তমন্ত্রী হ’ব। নতুন এল ডি পি জে আই পি মিত্রজোঁটে অর্থনৈতিক সংস্কাৰ, ৰাষ্ট্ৰীয় সুৰক্ষা শক্তি আৰু বিদেশ নীতিত বিশেষ গুৰুত্ব আৰোপ কৰিব।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছানে টাকাইচিক অভিনন্দন জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতা সুদৃঢ় কৰাৰ বাবে টাকাইচিৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। ভাৰত-প্রশান্ত মহাসাগৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হোৱাটো জৰুৰী বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে।