ডাউনলোড
মোবাইল এপ

android apple
signal

July 15, 2025 9:11 PM | Prez

printer

ছাত্র-ছাত্রীসকলে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা উচিত : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে ছাত্র-ছাত্রীসকলে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা উচিত৷ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাৰ ফলত দেশৰ সমৃদ্ধ সংস্কৃতিক সংৰক্ষণ কৰাৰ লগতে গভীৰভাৱে শিপাই থকা ভাৰতীয় পৰম্পৰাসমূহকো ৰক্ষা কৰিব পৰা যায় বুলি তেঁও উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ছাত্র-ছাত্রীসকলে যদিহে মাতৃভাষাক নিজৰ শিক্ষা গ্ৰহণৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰে, তেওঁলোকৰ প্রতিভা বহু গুণে বিকশিত হোৱাৰ সম্ভাৱনা থাকে। তেওঁ কয়, যে নিজৰ মাতৃভাষা সংৰক্ষণ কৰা তথা মাতৃভাষাক লৈ গৌৰৱবোধ কৰাতো প্ৰতিজন নাগৰিকৰ দায়িত্ব। তেঁওৰ মতে এজন ব্যক্তিয়ে জ্ঞানৰ প্ৰসাৰৰ বাবে বহুকেইটা ভাষা শিকা উচিত। পঞ্চদশ শতিকাৰ বিশিষ্ট কবি আৰু পণ্ডিত আদিকবি সৰলা দাসৰ ছশ বছৰীয়া জয়ন্তী উপলক্ষে ওড়িশাৰ কটকত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে ওড়িয়া সাহিত্য জগতত সৰলা দাসে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কবিজনাৰ কৰ্মৰাজি আৰু ভাৰতীয় ভাষাসমূহক দেশৰ বিকাশৰ বাবে প্ৰচাৰ কৰি নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেটা অনুষ্ঠানতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানক ২০২৪ বৰ্ষৰ কলিংগ বঁটাও প্ৰদান কৰে।