ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ আহ্বান জনায়। ডিজিটেল টাৱাৰৰ দৰে আন্তঃগাঁথনি এনে সুযোগৰে উদাহৰণ বুলি তেওঁ উল্লেখ কৰে। নাগপুৰৰ ৰামদেও বাবা বিশ্ববিদ্যালয়ৰ ডিজিটেল টাৱাৰ উদ্বোধন কৰাৰ পাছত এই উপলক্ষে ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, উপ-মুখ্যমন্ত্রী দেবেন্দ্র ফাদনৱীছ, পঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত উপস্থিত থাকে। উল্লেখযোগ্য যে ১২ মহলীয়া ডিজিটেল টাৱাৰত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক ক্ষেত্ৰত প্ৰয়োজন পূৰণ কৰিব পৰাকৈ আধুনিক প্রযুক্তিৰে সজ্জিত ডিজিটেল শ্ৰেণীকোঠা আছে।