চীনৰ তিয়ানজিনত আজিৰে পৰা ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি তিয়ানজিনত উপস্থিত হয়। এই দুদিনীয়া সন্মিলনত বিগত ২৫ বছৰত সংস্থাৰ সাফল্যৰ পৰ্যলোচনা কৰা হ’ব আৰু এটা ১০ বছৰীয়া উন্নয়ন আঁচনি প্ৰস্তুত কৰা হ’ব। চীনৰ ৰাষ্ট্ৰপতি চি জিন পিঙে অধ্যক্ষতা কৰিবলগীয়া এই সন্মিলনত ২০ গৰাকীৰো অধিক ৰাষ্ট্ৰ নেতা আৰু আন্তৰ্জাতিক সংস্থাসমূহৰ ১০ গৰাকী নেতাই অংশগ্ৰহণ কৰাৰ আশা আছে। সন্মিলনখনত সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুৰববীসকলৰ উপৰি পৰ্যবেক্ষক ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু অংশীদাৰ সংস্থাসমূহৰ প্ৰতিনিধি উপস্থিত থাকিব। আন নেতাসকলৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঞ্চলিক সুৰক্ষা যোগাযোগ, বহনক্ষম বিকাশ আৰু গোলকীয় সহযোগিতাৰ দৰে বিষয়ত মতামত প্ৰকাশ কৰিব।
প্রধানমন্ত্রী মোদীৰ অংশগ্রহণে ভাৰতৰ ভূমিকা সুদৃঢ় কৰিব আৰু ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Site Admin | August 31, 2025 10:37 AM | PM Modi lands in China ahead of SCO meeting
ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ তিয়ানজিনত উপস্থিত