ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2025 9:22 PM | Dr. S Jaishankar

printer

ছাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ অধিবেশনত মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ছাংহাই সহযোগিতা সংস্থাই সন্ত্রাসবাদ, বিচ্চিন্নতাবাদ আৰু উগ্ৰবাদক প্রতিহত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি বিয়লি চীনৰ টিয়াং জিনত ছাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ বাবে অনুষ্ঠিত এখন অধিবেশনত উপস্থিত থাকি ড০ এছ জয়শংকৰে এই মন্তব্য আগবঢ়ায়। পেহেলগামত কিছুদিন পূর্বে সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীজনে কয় যে পেহেলগামৰ এই আক্ৰমণ আছিল জম্মু আৰু কাশ্মীৰৰ পৰ্যটনৰ ক্ষেত্ৰখনত প্ৰভাৱিত কৰা তথা দেশখনক ধৰ্মীয়ভাৱে বিভাজন কৰাৰ বাবে চলোৱা এটা বৃথা প্রচেষ্টা । তেওঁ লগতে কয় যে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে ইতিমধ্যে এই আক্রমণক গভীৰভাৱে নিন্দা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।