ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2024 11:46 AM | Dr. S Jaishankar

printer

ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হব বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আজি ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হ’ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে ব্ৰীছবেনলৈ যাব আৰু অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে কেনবেৰাত হ’বলগীয়া মন্ত্ৰীপৰ্যায়ৰ পঞ্চদশ পৰিকাঠামো বৈঠকত সহ-অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰীগৰাকীয়ে অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত হ’বলগীয়া দ্বিতীয় ৰাইছিনা ডাউন আণ্ডাৰ সন্মিলনৰ উদ্বোধনী সত্ৰতো মূল ভাষণ প্রদান কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ নেতৃবৰ্গ, সাংসদ, প্রবাসী ভাৰতীয়, আগশাৰীৰ ব্যৱসায়ী আৰু অন্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ড০ জয়শংকৰ ৮ নৱেম্বৰত ছিংগাপুৰত উপস্থিত হ’ব। তাত তেওঁ আছিয়ান ভাৰত উপদেষ্টা বিশেষজ্ঞ গোটৰ অষ্টম ঘূৰণীয়া মেজমেলক সম্বোধন কৰিব। তেওঁ লগতে দুয়ো দেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ছিংগাপুৰৰ নেতৃবৰ্গক সাক্ষাৎ কৰিব আৰু দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ উপায়ৰ অন্বেষণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।