ছত্ৰপতি ছন্তাজি নগৰ আৰু পানৱেলত নিৰ্বাচনী সমদলত প্রধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছে। শ্রী মোদীয়ে প্রথমে ছত্ৰপতি ছন্তাজি নগৰ আৰু পানৱেলত নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। তেওঁ লগতে মুম্বাইৰ ছত্রপতি শিৱাজী উদ্যানত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত মহাযুটি মিত্ৰজোঁটৰ সকলো নেতাই অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে। ইফালে, কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি ধাৰাশিৱ, ছোলাপুৰ আৰু ছাংলিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ইপিনে, বিৰোধী তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি নান্দুৰবাৰ আৰু নান্দেৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব।