January 18, 2026 12:30 PM | chhattisgarh maobadi

printer

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা সদস্য আছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা এটা এ কে 47 সহ দুটা ৰাইফল উদ্ধাৰ কৰিছে। বিজাপুৰৰ আৰক্ষী অধীক্ষক ড° জিতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা মতে, জিলাখনত উত্তৰ-পশ্চিম দিশৰ বনাঞ্চল আৰু পাহাৰীয়া এলেকাত কেইজনমান মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত জিলা সংৰক্ষিত বাহিনী, কোৱা বেটেলিয়ন আৰু বিশেষ কাৰ্য বাহিনীৰ এটা যৌথ দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই মাওবাদী কেইজন নিহত হয়। সংঘৰ্ষস্থলীৰ পৰা মাওবাদীৰ চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত ছেগা-চোৰকাকৈ গুলীয়াগুলী অব্যাহত আছে।