ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত হয়। সুকমা জিলাৰ কণ্টা এলেকাত হোৱা এটা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। একেদৰে বিজাপুৰ জিলাৰ বাছাগুড়া এলেকাত হোৱা আন এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। সুৰক্ষা বাহিনীয়ে এটা এ কে 47 ৰাইফল, এটা এছেলাৰ ৰাইফলসহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে।
Site Admin | January 3, 2026 6:15 PM | Akashvani | Akashvani News | Maobadi | Terror
ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত